অংগ আৰ্ট কালেক্টিভৰ সদস্যকেইগৰাকীমানে অখিল গগৈৰ অন্যায় বন্দীত্বৰ প্ৰতিবাদত দেৱাল অংকণ কৰিবলৈ যাওঁতে উদ্ভৱ হোৱা পৰিস্থিতি ইতিমধ্যে এটি পুৰণি খবৰ। পৰৱৰ্তী সময়ত আমি লক্ষ্য কৰিছোঁ যে ৰাইজে ঠায়ে ঠায়ে অংগৰ দ্বাৰা অংকিত ছবিখনৰ আলোকচিত্ৰ বা অখিল গগৈৰ অন্যান্য আলোকচিত্ৰ পোষ্টাৰ হিচাপে ব্যৱহাৰ কৰিছে। কোনো কোনো ঠাইত দেৱালত স্কেছ, প্ৰতিকৃতি আদি অংকণ কৰিও অখিল গগৈৰ মুক্তি দাবী কৰিছে। দুই এঠাইত পুনৰ আৰক্ষী প্ৰশাসনে এনে ছবি অংকণ কৰা লোকক ডিটেইন কৰাৰ লগতে ঠায়ে ঠায়ে ছবিসমূহ মচি দিয়াৰ বাতৰিও পোৱা গৈছে। ৰাইজে স্বতঃপ্ৰণোদিতভাৱে, নিজাববীয়াকৈ প্ৰতিবাদৰ মাধ্যম হিচাপে চিত্ৰশিল্পক গ্ৰহণ কৰা, ব্যৱহাৰ কৰা কথাটোৱে আমাক শিল্প-কলাৰ ছাত্ৰ তথা সামাজিক-ৰাজনৈতিক ধাৰা-প্ৰবাহ আৰু ঘটনাচক্ৰৰ প্ৰতি আগ্ৰহী গোট হিচাপে চিন্তাৰ খোৰাক যোগাইছে। তাৰ আঁত ধৰিয়েই শিল্প-কলা চৰ্চা আৰু শিল্পচৰ্চাকাৰীৰ অৱস্থান সম্পৰ্কে কেইআষাৰমান লিখিবলৈ আগবাঢ়িছোঁ। অসমত ৰাজহুৱা স্থানত দৃশ্য-শিল্প চৰ্চাৰ যি শেহতীয়া প্ৰচেষ্টাসমূহ দেখা গৈছে, সিয়েই আমাৰ বক্তব্যৰ অন্যতম প্ৰসংগ।
(শিল্পকৰ্ম- অংগ আৰ্ট কালেক্টিভ ) |
এই কথা স্পষ্ট যে, অসমত ‘আধুনিক’ শিল্প-কলা চৰ্চা, মূলতঃ ছবি, ভাস্কৰ্য আদি চাক্ষুষ কলা এতিয়াও ষ্টুডিঅ’-গেলাৰীকেন্দ্ৰিক। অৱশ্যেই গোলকীয় শিল্প-কলা বজাৰ ব্যৱস্থাৰ দাঁতিকাষৰীয়া আমাৰ অঞ্চলত গেলাৰীনিৰ্ভৰ ব্যৱস্থাটোও কিমান পয়ালগা, সেয়া অন্য এক বিশদ আলোচনাৰ বিষয়। থোৰতে ক’বলৈ গ’লে ব্যৱস্থাটো চলি আছে কেনভাছ এখনে বা ভাস্কৰ্য এটিয়ে ষ্টুডিঅ’ৰ বন্ধ কোঠা এটাৰ পৰা গেলাৰী নামৰ আন এক বন্ধ কোঠালৈ আগবঢ়াৰ মৰণপণ যাত্ৰাৰ পৰিণতিক কেন্দ্ৰ কৰি। শিল্প-কলাৰ শৈক্ষিক চৰ্চাৰ অনুষ্ঠান, গীলড, চ’ছাইটি আদিয়ে সংঘৱদ্ধভাৱে এই ব্যৱস্থাটো বৰ্তাই ৰাখিছে তথা তাৰ পৰিসৰ নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে। প্ৰতিষ্ঠানিক কাঠামো আৰু তাৰ পৰিসৰ নিৰ্ধাৰণৰ উদ্বিগ্নতাই শিল্প-কলাক ‘সাধাৰণ’ ৰাইজৰ পৰা নিলগাই ৰাখিছে বুলিব পাৰি। অসমত শিল্প-কলামোদীৰ অভাৱক লৈ হা-হুতাশ কঢ়াৰ সময়ত এই প্ৰতিষ্ঠানিক সমস্যা সম্পৰ্কেও চিন্তা-চৰ্চা কৰা প্ৰয়োজন। কোৱা বাহুল্য যে, অসমত গেলাৰীৰ সংখ্যাও অতি তাকৰ। আৰু গেলাৰীকেন্দ্ৰিক শিল্প-কলা চৰ্চাই সমালোচনামূলক ঐতিহ্য এটাও অসমত আগুৱাই নিয়া নাই। বিপৰীতে দেখা যায়, কেৱল গেলাৰীত শিল্প-কলা প্ৰতিষ্ঠাপনৰ প্ৰতিহে অন্ত নাইকিয়া আগ্ৰহ ! আনহাতে, জনসাধাৰণৰ বিভিন্ন বৰ্গই যিবোৰ ৰূপ, শৈলী, আংগিক, উপস্থাপনা আদিৰ মাজেৰে কলা, নান্দনিকবোধ আদিৰ সৈতে জড়িত হয় আৰু যিবোৰ মাধ্যমজনিত দিশ তাৰ সৈতে সংলগ্ন – তেনেবোৰ বিষয়ক লৈ অসমৰ ‘আধুনিক’ শিল্প-কলামহল বিশেষ আগ্ৰহী নহয়। জনসাধাৰণৰ পৰা এনে দূৰত্বই অসমৰ শিল্প-কলাচৰ্চাক বহুদূৰলৈ সংকুচিত কৰি থৈছে। গতিকে নন্দনতাত্বিক আৰু নীতিনিষ্ঠাজনিত (ethical) কোনো প্ৰশ্নৰ দ্বাৰা এই ক্ষেত্ৰখন বিশেষ আলোড়িত নহয়। এনে পৰিস্থিতিত শিল্প-কলা কেৱল এচাম এলিটৰ গৃহশোভাবৰ্ধনকাৰী পণ্যতহে পৰিণত হব পাৰে। লগতে ঔপনিৱেশিক কালতে গঢ় লোৱা শিল্প-কলা শিক্ষাৰ অৱধাৰণাৰ ভিত্তিত নিজৰ মাজতে মজি থকা শিল্পীসত্তাই সাৰ্বভৌম চৰিত্ৰ ধাৰণ কৰি উঠিব পাৰে।
বছৰত অসমত চালুকীয়াকৈ হ’লেও গঢ় লৈ উঠিছে। গোলকীয় শিল্প-কলা জগতৰ ‘পাব্লিক আৰ্ট’ৰ বাগধাৰা আৰু প্ৰেকটিছৰ এক প্ৰতিফলন এইক্ষেত্ৰত আমি লক্ষ্য কৰোঁ। ‘পাব্লিক আৰ্ট’ অভিধাটিৰ অনুবাদ বা ইয়াৰ আভ্যন্তৰীণ ধাৰা-প্ৰবাহবোৰৰ বিতং ব্যাখ্যাৰ যত্ন আমি এই মুহূৰ্তত নকৰোঁ। থাওকতে ক’বলৈ গ’লে এই শিল্প-কলা চৰ্চাই বন্ধ কোঠাৰ গেলাৰীৰ পৰিৱৰ্তে ৰাজহুৱা, মুকলি স্থানত স্বাচ্ছন্দ্য অনুভৱ কৰে।
সাম্প্ৰতিক সময়ত দেখা যায় যে ৰাজহুৱা স্থান, ৰাজহুৱা সম্পত্তি ইত্যাদি সকলোধৰণৰ ‘ৰাজহুৱা’ৰ অস্তিত্ব পুঁজিবাদী ব্যক্তিগত মালিকানাৰ আগ্ৰাসনে সংকুচিত কৰি আনিছে। তেনে পৰিপ্ৰেক্ষিতত এই শিল্প-চৰ্চাই ন্যুনতমভাৱে হ’লেও ব্যক্তিগত সম্পত্তিৰ সৈতে জড়িত একচেতিয়া অধিকাৰবোধক প্ৰত্যাহ্বান জনোৱাৰ প্ৰসংগ এটা সমুখলৈ আনে, যদিও পুঁজিৰ সৰ্বগ্ৰাসী প্ৰসাৰৰ পৰা এই কলা-চৰ্চাৰ পণ্যকৰণ মুক্ত বুলি ক’ব নোৱাৰি। এই ন্যুনতম প্ৰত্যাহ্বানৰ ভিত্তিত ব্যক্তিগত দেৱালত অংকিত পেইন্টিং বা গ্ৰাফিটি এটিও সকলো শ্ৰেণীৰ লোকৰ বাবে ৰাজহুৱা পৰিসৰৰ পৰা উন্মুক্ত হ’ব লাগিব। তদুপৰি ‘পাব্লিক’ বুলি ক’লে আমাৰ মনলৈ আহে ৰাইজ বা জনসাধাৰণসম্পৰ্কীয় একো একোটা ধাৰণা। ৰাজহুৱা বোলা কথাষাৰ ৰাইজৰ সামূহিক স্বাৰ্থ, ৰাইজৰ মাজৰ বাদ-বিবাদ, চিন্তা-স্ৰোত আদিৰ মুক্ততাৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত। সেয়ে, ‘পাব্লিক আৰ্টে’ ৰাজহুৱা প্ৰসংগ নিৰ্ধাৰণ, তাৰ সৈতে জড়িত দৃষ্টিভংগী আৰু আদৰ্শগত তৰ্ক-মীমাংসা, ইছ্যুসমূহৰ সৈতে জড়িত নহৈ নোৱাৰে। ই ‘ৰাইজ’ নিৰ্মাণৰ নানান দিশৰ প্ৰতি আগ্ৰহ ৰখা যিদৰে বাঞ্চনীয়, সিদৰে ৰাইজৰ বিভিন্ন বৰ্গবিভাজনৰ বিষয়েও সচেতন হোৱা প্ৰয়োজন।
ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে শেহতীয়াকৈ অসমত ৰাজহুৱা স্থানত শিল্প-কলা উপস্থাপনৰ এক ধাৰাবাহিকতা লক্ষণীয় দিশ হৈ পৰিছে। আৰু সেয়া এক আশাব্যঞ্জক বাৰ্তা । এই ধাৰাবাহিকতাৰ কেন্দ্ৰত আছে শেহতীয়াকৈ এচাম যুৱ শিল্পচৰ্চাকাৰীৰ গ্ৰাফিটি, দেৱাল অংকণ,
আৰু মাজে-সময়ে হোৱা স্থানভিত্তিক ইনষ্টলেশ্যন আদি। অৱশ্যে, ৰাজহুৱা পৰিসৰ, শিল্প-কলাৰ অৱধাৰণা, ‘সাধাৰণ’ জনতাৰ নান্দনিক দৈনন্দিনতা আদি আন্তঃসংযোগ থকা প্ৰসংগবোৰ বহলভাৱে আলোচনা কৰিবলৈ হ’লে আমি অন্যান্য বহু দিশৰ লগতে তিনিটা উপকৰণ সহজে আওকাণ কৰিব নোৱাৰোঁ –
১) পথে-ঘাটে থকা বিজ্ঞাপনৰ
পোষ্টাৰ, হৰ্ডিং আদি, ২) চৰকাৰী বা আনুষ্ঠানিক সৌন্দৰ্যবৰ্দ্ধনৰ প্ৰকল্পৰ ৰূপত গঢ় লৈ উঠা
দেৱাল অংকণ, আৰু ৩)অসমৰ ৰাজহুৱা, জাতীয় জীৱনত গুৰুত্ব থকা
ব্যক্তিত্বৰ ভাস্কৰ্য। বিজ্ঞাপনৰ ক্ষেত্ৰত দেখা যায় যে ই ৰাজহুৱাৰ ওপৰত প্ৰভাৱ বিস্তাৰ
কৰিলেও ইয়াৰ মুখ্য উদেশ্য পণ্য গ্ৰাহক সৃষ্টি। আৰু একোটা গ্ৰাহক-সমূহ সৃষ্টিৰ এই তাগিদা ৰাজহুৱাৰ ধাৰণাটোক খহাই অনা প্ৰক্ৰিয়া এটাৰেই হাতিয়াৰ। চৰকাৰী প্ৰচেষ্টাবোৰ মূলতঃ সৌন্দৰ্যৱৰ্ধনৰ বাগধাৰাৰ
দ্বাৰা সীমাৱদ্ধ আৰু তাৰ আওটিতেই ‘ৰূপহী অসম’,
‘সাংস্কৃতিক বৈচিত্ৰ্য’ আৰু অৱশ্যেই মন্দিৰ-দেৱালয়ৰ পঢ়াশলীয়া পাঠ অংকণতেই এইক্ষেত্ৰত গুৰুত্ব দিয়া হয়। আনহাতে, জাতীয় বা ৰাজহুৱা ব্যক্তিত্বৰ ভাস্কৰ্যৰ ইতিহাস অসমত কিছু পুৰণি
আৰু সামাজিক-ৰাজনৈতিক ঘটনা-প্ৰবাহ তথা মতাদৰ্শগত নিৰ্মিতিবোৰৰ সৈতে এই শিল্পচৰ্চাৰ ওতপ্ৰোত: সম্পৰ্ক আছে। এই ক্ষেত্ৰত আমি দেৱালত শ্লোগান লিখন, শ্বহীদ বেদী নিৰ্মাণ আদি বিষয়কো সামৰি লোৱাৰ প্ৰয়োজন। আমাৰ লেখাৰ পৰিসৰত এই দিশবোৰৰ
সৈতে নান্দনিক দিশটোকো সামৰি (যেনে: এনেধৰণৰ ভাস্কৰ্যৰ লগত জড়িত বেদীৰ ধাৰণাই আৰোপ কৰা পূৰ্বনিৰ্ধাৰিত বিভাজন) এক বিশদ অধ্যয়নৰ অৱকাশ অতি সীমিত। এই পৰিসৰজনিত সীমাৱদ্ধতাৰ খাতিৰত আমি ৰাজহুৱা
শিল্প-কৰ্মৰ শেহতীয়া প্ৰবাহটোতেই মনোনিৱেশ কৰিছোঁ। আমি উল্লেখ কৰা গ্ৰাফিটি, দেৱাল অংকণ, স্থানভিত্তিক ইনষ্টলেশ্যন আদিৰ
ক্ষেত্ৰত ‘ৰাজহুৱা স্থান’ৰ শেহতীয়া ৰূপায়ণবোৰ,
যেনে -- চহৰ-মফচলৰ স্থানিক পৰিৱৰ্তন, ৰাস্তা-ঘাট, architectural ধৰণ, কায়িকৰ
সৈতে চ’চিয়েল মিদিয়াৰ সংযোগ ইত্যাদিৰ স্পষ্ট চাপ পৰিলক্ষিত হয়। স্থান নিৰ্বাচনৰ ধৰণ, মেটেৰিয়েলৰ নিৰ্বাচন তথা সাধাৰণতে ঠাইতেই শিল্পকৰ্মটি কৰি পেলোৱাৰ
শৈলীয়ে এইবোৰক ‘ৰাজহুৱা’ৰ নিকটৱৰ্তী কৰি ৰাখে। তদুপৰি ৰাজহুৱা স্থান এটাৰ যি দৈনন্দিন ক্ষণভংগুৰ, অস্থিৰ চৰিত্ৰ – তাকো গ্ৰাফিটি বা ৰাস্তাৰ
কাষৰ পেইণ্টিং এখনৰ অস্থায়ীত্বই প্ৰতিনিধিত্ব কৰে। এনেধৰণৰ শেহতীয়া কামখিনিৰ ধাৰা গুৱাহাটী তথা দুই এখন মফচলীয় অঞ্চলতেই অধিক দেখা যায়। মাজে-মধ্যে শিল্পচৰ্চাকাৰীয়ে গ্ৰামাঞ্চলকো কৰ্মক্ষেত্ৰ ৰূপে গ্ৰহণ কৰা দেখা যায়। ইতিমধ্যে উল্লেখ কৰাৰ
দৰে ইয়াৰ শৈলী, আংগিক, কাম
কৰাৰ ধৰণ আদিৰ ওপৰত গোলকীয় ‘পাব্লিক আৰ্ট’ চৰ্চাৰ প্ৰভাৱ, অনুৰণন খুবেই স্পষ্ট। চ’চিয়েল মিডিয়াকে ধৰি ইন্টাৰনেটৰ সা-সুবিধাৰ
প্ৰভাৱ, অনুৰণন, আদান-প্ৰদান আদিৰ এক পৰিসৰ গঢ় লৈ উঠিছে। কোনো কোনো ক্ষেত্ৰত গোলকীয় কলা-শিল্প চৰ্চাখনত পুঁজি বিনিয়োগৰ ধৰণটোৰো পোনপটীয়া প্ৰভাৱো আহি পৰিছে। অনুকৰণ বা প্ৰভাৱৰ
প্ৰক্ৰিয়াটোৱে আংগিকগত সীমাৱদ্ধতাও আৰোপ কৰাৰ সম্ভাৱনা থাকে।
কিন্তু এনে সীমাৱদ্ধতাতকৈ
আমি সামগ্ৰিক মতাদৰ্শগত সমস্যা এটাহে অধিক গুৰুতৰ বুলি গণ্য কৰোঁ। শৈলী-আংগিকগত পৰিৱৰ্তন আৰু গেলাৰীৰ পৰা
স্থানিক বিচ্যুতি স্বত্বেও এই ক্ষেত্ৰত
আমি পুৰণি সমস্যা এটাৰেই মুখামুখি হওঁ। সেয়া হৈছে এক ‘অ-ৰাজনৈতিক’ অৱস্থানেৰে
উদাৰনৈতিক মানৱতাবাদৰ পৌনঃপুনিক ৰূপায়ণ। সমস্যাটোৰ কিছুমান নন্দনতাত্বিক আৰু ethical তাৎপৰ্য আছে। ‘সাহিত্য’ৰ বাগধাৰাগত প্ৰাধান্য থকা অসমীয়া বৌদ্ধিক জগতখন দৃশ্য-শ্ৰব্য-কলাৰ জগতখনৰ ধাৰা-প্ৰবাহ, ঐতিহ্য, এইবোৰৰ মাধ্যম আৰু প্ৰযুক্তিগত বিৱৰ্তনবোৰৰ সৈতে বৌদ্ধিক-সমালোচনাত্মক অনুসন্ধিৎসাৰে জড়িত নহয়। এমুঠি সাহিত্যিক, বুদ্ধিজীৱীৰ ৰসগ্ৰাহিতাৰ কথাটো এই ক্ষেত্ৰত ধৰ্তব্য নহয় – অসমীয়া সাহিত্য সমালোচনাৰ গতি-প্ৰবাহলৈ লক্ষ্য কৰিলেই কথাটো স্পষ্ট হৈ পৰে। অথচ একধৰণৰ অন্ধত্বৰ পৰিসৰৰ পৰাই সাহিত্যক কেন্দ্ৰ কৰি মানৱতাবাদী
হিজিমনী সজোৰে প্ৰতিষ্ঠা কৰি থকা হয়। কথাটো অসমৰ আধুনিক কলা শিল্পৰ বাবে কোনো ফালৰ পৰাই উপকাৰী নহয়। উদাৰ-নৈতিক মানৱতাবাদে এনেদৰে বিমূৰ্ত আদৰ্শ মানৱ-মূৰ্তি আৰু মানৱীয়তাত
মজি থাকে যে শ্ৰেণী, বৰ্ণ, লিংগ, জাত-পাত আদি বিভাজনবোৰৰ বিষয়ে ই আওকণীয়া হৈ থাকে। কিন্তু, মানৱতাবাদী ঐতিহ্যৰ মাজেৰেই অহা ‘স্বাধীনতা, সাম্য আৰু মৈত্ৰী’ৰ বাণীয়ে তেতিয়াহে পূৰ্ণতা লাভ কৰাৰ
সম্ভাৱনা থাকে, যেতিয়া এই বিভাজন-বৈষম্যবোৰৰ স্বৰূপ, তাৰ ইতিহাস আৰু সাম্প্ৰতিকতাৰ আমি মোকাবিলা কৰোঁ। এই ক্ষেত্ৰতেই অসমীয়া উদাৰ-নৈতিক মানৱতাবাদ এটা স্থবিৰ আদৰ্শ। তদুপৰি, আদৰ্শ মানৱ আৰু মানৱীয়তাৰ ৰূপায়ণৰ
অজুহাততেই প্ৰেম, যৌনতা, পৰিয়াল,
নাৰীৰ সামাজিক অৱস্থান আদি সামাজিকতাৰ নানা দিশত আধিপত্যশীল বৰ্গৰ দ্বাৰা
আৰোপিত নীতিবাগীশ অৱস্থান, ৰীতি-নীতিৰ সৈতে
আপোচ চলি থাকে আৰু সেইবোৰৰ পুনঃৰূপায়ণ ঘটি থাকে। বাস্তৱবাদৰ ফ্ৰেমৱৰ্ক এটাত বিষমলৈংগিক মধ্যবিত্ত জীৱনধাৰাৰ
এক আদৰ্শ ৰূপায়ণ অহৰহ পুনৰোৎপাদন কৰি থকাৰ গুৰিতেই আছে এনে এক মতাদৰ্শগত অৱস্থান। মূলতঃ ই বাস্তৱতাৰেই জটিল
গাঠনিক আওকাণ কৰে। অসমীয়া চিত্ৰকলাৰ ঐতিহ্যতো আমি এই
মানৱতাবাদী প্ৰক্ৰিয়াটোৰ চাব দেখা পাওঁ। ফলত, এক
একাডেমিক ৰিয়েলিজমৰ চৰ্চাৰে অসমীয়া গ্ৰাম্য ছবি ফুটাই তোলাৰ পৰা হেমন্ত মিশ্ৰৰ খাচী
জনজীৱনৰ এক outdoor study ভিত্তিক ৰমন্যাসিক ভাবনাৰ পৰা শিল্প-কলা খুব বেছি আগুৱাই যোৱা নাই। ৰাইমকিংকৰ বেইজে কংক্ৰীট কাঠিন্যৰে গঢ় দিয়া চাওতাল পৰিয়াল বা
কলঘৰৰ বনুৱাৰ ভাস্কৰ্যৰ কল্পনা এই পৰিসৰৰ পৰা কৰিব নোৱাৰি। অথচ, বাস্তৱতাৰ পৰ্যৱেক্ষণে আমাক এই কথাই শিকায় যে চৌপাশৰ সমাজ-অৰ্থনৈতিক পৰিস্থিতি, তাৰ সৈতে জড়িত বসবাসৰ ধৰণ,
স্থাপত্য, প্ৰযুক্তিৰ ব্যৱহাৰ এনেবোৰ কথাই মানুহৰ
শৰীৰ আৰু মনন উভয়কেই অহৰহ প্ৰভাৱিত কৰি আছে। বাস্তৱতাৰ প্ৰতি এই বিমুখিতাই অসমৰ শিল্প-কলাত বিমূৰ্ততাৰ প্ৰতি থকা টানটোকো পৰিণত কৰিছে একধৰণৰ ফেটিশ্বধৰ্মী চৰ্চালৈহে। আমাৰ ধাৰণাত শেহতীয়াকৈ গঢ় লোৱা ৰাজহুৱা শিল্প-চৰ্চাবোৰে এই ঐতিহ্যগত সীমাৱদ্ধতাৰো মুখামুখি হ’ব লাগিব। পিছে, এনে
ক্ষেত্ৰত এতিয়ালৈকে আশাৰ ৰেঙনি অতি ক্ষীণ। আংগিকগত আৰু স্থানিক পৰিৱৰ্তনে আমাক
নব্য-উদাৰনৈতিক পৰ্বান্তৰৰ যুৱচামৰ
aspirational প্ৰৱণতা আৰু যোগাযোগৰ নতুন মাধ্যমে উন্মোচিত কৰা জগতখনৰ
প্ৰতি আগ্ৰহৰ উমান দিছে। কিন্তু বাস্তৱতাৰ আওপাকবোৰৰ সৈতে সংঘৰ্ষৰ উমান দিয়া
নাই। তাৰেই পৰিপ্ৰেক্ষিতত আমি কেতবোৰ ইছ্যুভিত্তিক কাম লক্ষ্য কৰোঁ;
অথচ, নতুন space, আংগিক আহি পৰাৰ লগে লগে সি আদৰ্শগত দ্বন্দ্ব, চিন্তাৰো সুযোগ মুকলি কৰাৰ কথা। তাৰ স্বীকৃতি অবিহনে বিজ্ঞাপন আৰু বিয়াগোম শিল্পকৰ্মৰ মাজত বিশেষ পাৰ্থক্য নেথাকিবগৈ। এই ক্ষেত্ৰত আমি শেহতীয়াকৈ নামী দামী গায়ক-গায়িকাৰ প্ৰতিকৃতি অংকণলৈকে দৃষ্টি আকৰ্ষণ কৰিব পাৰোঁ। বিজ্ঞাপনৰ ছবিয়ে শিল্পীৰ aura ব্যৱহাৰ কৰে পণ্যৰ বিক্ৰীৰ বাবে, এই দেৱাল অংকণবোৰে কি কেৱল সেই তাৰকা প্ৰতিচ্ছবিৰ পুনৰোৎপাদন কৰাত মনোনিৱেশ কৰিছে? এইখিনিতে বাৰে বাৰে মনত পেলাবলগীয়া কথাটো হ’ল যে “পাব্লিক
আৰ্ট”ৰ পৰিঘটনাত ৰাজহুৱা স্থানত শিল্পৰ উপস্থাপন কৰি ৰাইজৰ মাজলৈ পোনে পোনে শিল্পকলাক লৈ যোৱাৰ এক উৎসাহ জড়িত
হৈ থাকে। যাতে জনসাধাৰনে প্ৰত্যক্ষভাৱে দেৱালত কি অঁকা আছে চাব পাৰে, কি লিখা আছে পঢ়িব পাৰে। তাৰ লগৰ কথাটো হ’ল যে ছবি এখন ৰাজহুৱা স্থানত আঁকিলে সেইখিনিতে অন্ত নপৰে। তাত দেৱাল খনৰ কাষেৰে পাৰহৈ যোৱা দৰ্শকৰ চাৱনিয়ে ছবিখনৰ ক্ষেত্ৰত এটা মাত্ৰা প্ৰদান কৰে। এই ক্ষেত্ৰত দেৱালত অংকন কৰা ছবিখন, আঁকোতাগৰাকী, দৰ্শক আৰু লগতে অংকন কৰা ঠাইখিনিৰ সংযোগেহে গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰে । ই ছবিখনৰ ৰূপগত দিশটোত প্ৰভাৱ পেলায় । শিল্পীসকলৰো ইয়াৰ ৰূপগত আৰু বিষয়বস্তুৰ ক্ষেত্ৰত চিন্তা কৰাৰ, কাম কৰাৰ সুযোগ আহে। এই সংযোগটো কিদৰে শিল্প-চৰ্চাকাৰীসকলে গ্ৰহণ কৰে আৰু তাৰ মাজেৰে শিল্পীসত্বাৰ সংজ্ঞাক প্ৰত্যাহ্বান জনায়, সেয়া লক্ষণীয় হ’ব।
পল্লৱ শইকীয়া
বিদ্যুত সাগৰ বৰুৱা
(দুয়ো লিখক অংগ আৰ্ট কালেক্টিভৰ সদস্য)